হেৰিটেজ গাঁও

হেৰিটেজ গাঁও
Spread the love

[উৎসৰ্গঃ ৰীনা জমিৰ]

কোহিমাৰ আকাশত
পূৰ্ণিমাৰ জোন, জিলমিল

নীলা পাহাৰত
উবুৰি খাই পৰা চহৰখনত
হাজাৰ তৰাৰ চিকমিক

এঁকা-বেঁকা বাটবোৰত
শীতৰ বতাহৰ জোকাৰণি

হেৰিটেজ গাঁৱলৈ গৈছিলো আজি
বান্ধৱী ৰীনা জমিৰৰ স’তে
কিন্‌ কিন বৰষুণৰ তলে তলে

দুয়োৰে খিল্‌ খিল্‌ হাঁহিত
মৰংবোৰ সাৰ পাই উঠিছিল

দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি সুঁৱৰি
অকলশৰে থিয় হৈ আছিল
আশ্চৰ্যকৰ যাদুঘৰটো

যুদ্ধৰ বিভীষিকাৰ প্ৰতীক
সেই পুৰণি টেংকাৰ
আৰু গাড়ীবোৰ

হেৰিটেজ গাঁও আজি
হৈ আছিল নিমাত

মৰংবোৰৰ সমুখত সেয়েহে
আমিও হৈ পৰিছিলো
ৰহস্যময় জীৱনৰ হেৰিটেজ

জীৱন এক সমৰকলা

Leave a Reply

error: Content is protected !!