গুলপীয়া ঋতু

গুলপীয়া ঋতু
Spread the love

এজাৰ ফুলিছে
মনত লাগিছে বেজাৰ

বসন্তৰ বাট এটা গৈ
মিলিছেগৈ বৰ্ষাৰ
সৰু নৈখনৰ পাৰত

এজাৰৰ বৰষুণে আজি
ঢাকি ধৰিছে বাট
জলাশয়বোৰ মুখ ঢাকি শুই আছে
এজাৰৰ গুলপীয়া চাদৰেৰে

পাৰ হৈ আহিছোঁ মই
এখন প্ৰাচীন অৰণ্য
য’ত পলাশে সানিছে ৰং
শিমলুৱে কৰিছে মতলীয়া
ফাগুনৰ উতলা বুকু

সেয়েহে হ’বলা
গোটেই অৰণ্য আজি গুলপীয়া
গুলপীয়া বোৱঁতী নদীৰ সোঁত

পৃথিৱীৰ পৰা আকাশলৈ
বিয়পি পৰিছে আজি
এজাৰৰ গুলপীয়া আভা

গুলপীয়া অৰণ্য
গুলপীয়া আকাশ
গুলপীয়া নদীৰ সোঁত

গুলপীয়া স্থিৰ জলাশয়ৰ পানী
মন গুলপীয়া
অনুভৱ গুলপীয়া
মনত ভাহিছে
আল্পনা গুলপীয়া

গুলপীয়াৰ পয়োভৰত
মন হৈ পৰিছে উদাস
বৰ্ষাস্নাত এই গুলপীয়া ক্ষণত৷