ৰূপকথাৰ চহৰত
কবিতাৰ দৰে চহৰ এখনত
মই ঘূৰি ফুৰিছোঁ
ইয়াতেই এজন ৰজা আছিল
লগত আছিল তেওঁৰ ৰূপৱতী ৰাণী
তেওঁলোকেই সাজিছিল
ৰূপকথাৰ অট্টালিকাৰ দৰে
এই যাদুকৰী কেছেল
চহৰখনৰ মাজেৰে বৈ গৈছে
এখন ধীৰ নদী
ইপাৰ সিপাৰ সংযোগী দলংখনে
মনটোক ৰূপকথাৰ দেশলৈ লৈ গৈছে
আৰু তিতি-বুৰি
জুৰুলি-জুপুৰি হোৱা চহৰখনত
মই আজি ঘূৰি ফুৰিছোঁ
ৰূপকথাৰ দৰে চহৰখনত
ৰূপকথাৰেই কাহিনী শুনি
মই বিভোৰ হৈ পৰিছোঁ
সপোন নে দিঠক
একোকে মনিব নোৱাৰি
সপোন বুলি ভাবি থাকোঁতে
দিঠকতে অনাই বনাই ঘূৰিছোঁ
দিঠকত কল্পনা কৰি থাকোঁতে
চহৰখনেই হৈ উঠিছে সপোনপুৰী
চহৰ এখন ইমান সুন্দৰ হয় নে নহয়
মোৰ চহৰৰ সংজ্ঞাত
অতদিনে বিচাৰি পোৱা নাছিলো
বৰষুণে ধুই নিয়া চহৰখনত
কেছেলটোৰ সমগ্ৰ অঞ্চল যেন
কান্দি উঠিছে আজি
চহৰখনত অট্টালিকাৰ স্ৰষ্টা আজি নাই
পিছে বিশ্ববাসীয়ে তেওঁলোকক সুঁৱৰি সুঁৱৰি
কিন্ কিন্ বৰষুণে বৰষুণে বিচাৰি ফুৰিছে
সৌন্দৰ্য আৰু প্ৰেমৰ চিৰন্তন সূত্ৰ
যি যুগ যুগ ধৰি বৈ আছে
মানুহৰ হৃদয়ে হৃদয়ে
এখন বোৱতি নদীৰ দৰে…