যি কোনো ঋতুৰ বুকুতে

তোমাৰ চোতালৰ বাগিচাখনত
তোমাৰ স’তে কথা পাতি পাতি
পাৰ কৰা দুপৰীয়াটো
বৰকৈ মনত পৰিছে আজি
শুভ্ৰ আপেল ফুলৰ থোপাবোৰত
এতিয়ামানে চাগে’ গুটি ধৰিছে
তুমি যেতিয়া
পূব মূৰৰ ফাৰ গছজোপা দেখুৱাইছিলা
মই নীৰৱে ভাবিছিলোঁ
মোৰ জন্মলগ্নতে
এই গছে মোৰ নিয়তিৰ
ভৱিষ্যতবাণী কৰিছিল
পীচ ফুলৰ গুলপীয়াই
মোলৈ চাই হাঁহিছিল
পাহিবোৰ লাহে লাহে
সৰি পৰাৰ মুহূৰ্তটো বেদনাদায়ক আছিল যদিও
পাহিৰ তলৰ গুটিবোৰে
মোক আশাৰ বতৰা দিছিল
চেৰিজোপাৰ
এই ফুলো, এই ফুলো
ডালবোৰত চাগে’
পাপৰিবোৰ মেল খাইছে
ডাল ভৰি ভৰি
ওলমি থকা খোবানীজোপাই
মোক বাৰে বাৰে
কাষলৈ টানিছিল
কোমল খোবানীবোৰলৈ চাই
তুমি কৈছিলা–
এইবাৰ অধিক ফলধৰা
খোবানীজোপাই বাগিচাখনক
ধুনীয়া কৰি তুলিব
পুনৰ বাগিচাখনত বহি
অন্তহীন কথাবোৰ পাতিবলৈ
কেতিয়াকৈ আহিম নাজানো
খোবানীবোৰ ঈষৎ হালধীয়া হোৱাৰ পৰত
আপেলবোৰ ৰঙা হৈ উঠাৰ সময়ত
পীচ ফুলখিনি বৰষুণ পৰি
ৰঙা হৈ উঠাৰ সময়ত
চেৰিখিনি হাঁহি থকাৰ সময়ত
নে ফাৰ গছজোপা
গাঢ় সেউজীয়া হোৱাৰ সময়ত
মই আহিম তোমাৰ কাষলৈ
যিকোনো ঋতুৰ বুকুতে
একেলগে বহি কথা পাতিবলৈ৷৷