এষাৰ মাত্ৰ মৰমৰ মাত শুনাহেঁতেন
![এষাৰ মাত্ৰ মৰমৰ মাত শুনাহেঁতেন](https://www.anupamabasumatary.com/wp-content/uploads/2022/12/20210215_100324-768x471-1.jpg)
দূৰৈৰ পাহাৰৰ পৰা
ভাহি আহিছে বাঁহীৰ সুৰ
পদূলিত ফুলি থকা
ৰঙা খৃচেনথিমামবোৰ
দুপৰ নিশাৰ বতাহত
কঁপি উঠিছে
বৰষুণৰ পাছত
গোমা আজি ৰাতিৰ আকাশ
নিটাল মাৰিছে পৃথিৱী
ৰাতিৰ শিলাবৃষ্টিয়ে
ফুলৰ পাহিবোৰ
ছিঙি থৈ গ’ল
ৰঙা হৈ উঠিল
পূবৰ বাটচৰা
মোৰ বুকুত আজি
কোনে ঢালিলে শিল-বৰষুণ?
হাঁহিৰ ফুলবোৰ দেখোন
লেৰেলি পৰিল
শিল-বৰষুণে যেন
বুকুত প্ৰচণ্ড জোৰেৰে
কোব এটা মাৰিহে
গুচি গ’ল
তোমাৰ এষাৰ মাত্ৰ
মৰমৰ মাত শুনাহেঁতেন
মোৰ ফুলনিত ফুলিলহেঁতেন
শুভ্ৰ খৰিকাজাঁই৷৷