মৃত চহৰত

মৃত চহৰত
Spread the love

চহৰখনত তুমি নাই বাবে
ৰিঙা ৰিঙা লাগিছ বৰ

একোতেই আজি
প্ৰাণচঞ্চলতা নাই

তোমাৰ উপস্থিতিৰে
ৰঙীন হৈ উঠা গধূলিটো
তেনেই উদাস হৈ পৰিছে

তোমাৰ স’তে অন্তৰংগতাৰে
কথা পাতি পাতি
উজ্জ্বল হৈ পৰা পাৰ্কখন
নিমাত হৈ পৰি আছে

তুমি নাথাকিলে
চহৰখনৰ মৃত্যু হ’ব বুলিতো
মই নাজানিছিলোঁ

মই কাৰ স’তে কেনি যাওঁ
ক’ত থাকোঁ এই মৃত চহৰত

Leave a Reply

error: Content is protected !!