জীৱনৰ সিপাৰেও

জীৱনৰ সিপাৰেও
Spread the love

গধূলিৰ ধূলিয়ৰি বাট
দুপৰীয়াৰ নিৰ্জন পথাৰ
ৰাতিৰ জিলমিল জোনাক

সকলোতে উজলি থাকে
আমাৰ শৈশৱৰ গাঁও

বাৰিষাৰ কলীয়া ডাৱৰ
হঠাতে নামি অহা ধাৰাসাৰ বৰষুণ
বোকাময় বাটেৰে তিতি বুৰি গৈ থকা
আমাৰ সোণোৱালী শৈশৱৰ গাঁও

আহিনৰ কুঁৱলিৰ ছয়া-ময়া
আঘোণৰ ধাননিৰে হালধীয়া
পুহৰ জাৰেৰে জুপুকা লগা
আমাৰ নিমাওমাও গাঁও

সংগীতৰ দৰে গুণ্ গুণ্ বতাহৰ মাত
বাঁহীৰ দৰে তীব্ৰ জিলি, উঁইচিৰিঙাৰ মাত
আমে মলিওৱাৰ বতৰত
ডালত বিনাই থকা কুলিৰ মাতত
বসন্তৰ আগমন হোৱাৰ
এটা অনুভূতিৰ প্ৰান্তৰ আমাৰ গাঁও

খেতিয়কৰ শ্ৰম
গৰখীয়াৰ ধেমালি
ৰোৱনী-দাৱনিৰ সপোন
জাকৈয়া মাছমৰীয়াৰ নিৰ্মল আনন্দেৰে
ভৰপূৰ আমাৰ গাঁও

পাহুৱাল ডেকাৰ কান্ধত
জিৰিক জিৰিক ডাঙৰিৰ
মধুৰ ধ্বনিৰে প্ৰতিধ্বনিত
আমাৰ গাঁৱৰ নিৰ্জন বাট

সেই গাঁৱৰ দাঁতিতেই
মই নিৰ্মাণ কৰিম
মোৰ সপোনৰ কুটীৰ

জীৱনৰ সিপাৰেও যিয়ে বিলাই থাকিব
মোৰ জীৱনৰ সুঘ্ৰাণ, প্ৰেমৰ সান্নিধ্য
আৰু আশ্ৰয়ৰ নিৰাপদ সংস্পৰ্শ!

Leave a Reply

error: Content is protected !!