আগৰ সকলো ৰাতিতকৈ

আগৰ সকলো ৰাতিতকৈ
Spread the love

আগৰ সকলো ৰাতিতকৈ দীঘলীয়া আছিল
কালিৰ ৰাতিটো
আগৰ সকলো নিশ্বাসতকৈ
কালিৰ নিশ্বাস আছিল অতি কষ্টকৰ

ভালপোৱাৰ বাবে ইয়াতকৈ কঠিন পৰীক্ষাত
অৱতীৰ্ণ হ’বলৈ মই সাজু

তোমাক হেৰুৱাবলৈ কিন্তু
মই কোনোপধ্যেই সাজু নহয়

কাঁইটীয়া হ’লেইবা!
দুৰ্গম বাট অতিক্ৰম কৰি তুমি আহিবাই

এই আশাৰে আন এটা দীঘলীয়া ৰাতি
পাৰ কৰিম আজি উজাগৰে

Leave a Reply

error: Content is protected !!