কবিতাই লিখিছে জীৱন

কবিতাই লিখিছে জীৱন
Artist Gurdish Pannu
Spread the love

ইমানদিনে মই
জীৱনৰ কবিতা লিখিছিলো

পোৱা, পাই হেৰুওৱা,
পলকতে হাঁহি হাঁহি
পলকতে চকুপানীৰে
আঁচল তিতি যোৱা,
টুকুৰা ছৱিবোৰ আঁকি থাকোঁতে
সপোনবোৰ হঠাতে ৰঙীন হোৱা,
ৰংবোৰ গুচি পুনৰ
শুধবগা মেঘৰ দৰে
জীৱনৰ আকাশত উৰি ফুৰা
কৰুণতাৰ ৰাগিণীবোৰ
বৰষুণৰ টোপাল হৈ
বাৰিষাৰ দুপৰীয়া
ধৰিত্ৰীৰ বুকুত ধেমালি কৰা

আনন্দ আৰু বেদনা
সুখ আৰু দুখৰ
কবিতাবোৰ গুণগুণাই
ঋতুৰ বুকুৱে বুকুৱে ঘূৰি ফুৰাৰ
আনমনা দিনবোৰৰ পুলক
বিষাদে গধুৰ কৰা,
চেঁচা বতাহত জীৱন বিচাৰি ফুৰাৰ
মায়াময় সন্ধিয়াৰ সপোন যাত্ৰা

উস! প্ৰেমৰ পোহৰেৰে
যুগৰ ইতিহাস লিখাৰ
দীঘলীয়া ঘটনাপুঞ্জ!!

জীৱনৰ অজস্ৰ কেঁকুৰিত
হেৰাই যোৱা স্মৃতিবোৰ…
যাক মই আজিৰ কবিতাত
লিখি যাবলৈ বদ্ধপৰিকৰ

মোৰ কোনোজন সহযাত্ৰীয়েই
মোৰ স’তে সম্পূৰ্ণ নকৰিলে
দুৰ্গম বাটৰ অভিযানকাৰী যাত্ৰা
প্ৰয়োজন বোধ নকৰিলে
ইতিহাসৰ অধ্যায়বোৰ
শেষ পৰ্যন্ত লিখি যোৱাৰ

এতিয়া মই অকলশৰে লিখিছোঁ
জীৱনৰ ইতিহাস
অকলশৰে গাইছোঁ
জীৱনৰ গান
অভিনয় কৰিছোঁ
জীৱনৰ প্ৰতিটো চৰিত্ৰ

জীৱনৰ দীঘলীয়া পংক্তিৰ কবিতাবোৰ
মই আজি পুনৰ পঢ়ি চাইছোঁ
দুখবোৰ দেখোন সুখৰ মুকুতা হৈ
তিৰবিৰাই উঠিছে,
যন্ত্ৰণাবোৰ হিম নদী হৈ
গলি গলি বৈ গৈছে,
বুকুৰ বেদনাবোৰ
চেৰিফুলৰ দৰে ফুলিছে
গুলপীয়া হৈ উঠিছে মনৰ আকাশ

ৰঙীন দলিচাখনত
মই আজি সোঁৱৰণীৰ ফুল ছটিয়াম
জীৱনৰ কবিতাৰে ব্যাপ্ত হৈ থকা
ফুলৰ সাগৰত সাঁতুৰিম

হেৰা মোৰ মৰমৰ বন্ধু
নছটিয়াবা তুমি ইমানবোৰ ফুল
ফুলৰ মাজতে যদি মই বুৰ যাওঁ
ফুলৰ জোৱাৰ-ভাটাই
বুকুৰ নীল দ্বীপত
পুনৰ ধুমুহাৰ সৃষ্টি কৰিব
ফুলৰ কোমল আঘাতত
সাগৰ ৰঙীন হ’ব

তুমি মোৰ হূদয়ৰ পদূলিত
খোজ দিবৰে পৰাই
মোৰ কবিতাৰ পৃথিৱীত
অনুভূতিৰ জোৱাৰ উঠিছে
আৱেগৰ ঢৌবোৰ অকাই-পকাই
জীৱন সাগৰৰ তীৰলৈ
বগুৱা বাই আহিছে

কবিতাই জীৱনটোক
নতুনকৈ লিখিবলৈ আৰম্ভ কৰিছে
মই ইমানদিনে লিখি অহা
জীৱনৰ কবিতাবোৰ
এটি নিষ্পাপ শিশুৰ দৰে হাউলি পৰিছে
কবিতাই লিখা জীৱনৰ বুকুত

কবিতা আৰু জীৱনৰ
মধুৰ আলিংগনত বুৰ গৈ
আজি মোৰ পৃথিৱীখন ধুনীয়া হৈছে

এবাৰ জীৱনে
এবাৰ কবিতাই
মোক সাৱটি ধৰিছে

মই, মোৰ কবিতা আৰু মোৰ যন্ত্ৰণা
এক ত্ৰিকোণ প্ৰেমৰ মালিতা
তোমালোকে ভালপোৱাই বা নোপোৱা
আকাশে-বতাহে প্ৰতিধবনিত হ’ব
সেই মালিতাৰ চিৰশাশ্বত সুৰ!

তোমালোকে শুনাই বা নুশুনা
হৃদয়ত বাজি উঠা
সেই সুৰৰ কম্পন,
ই বিয়পি পৰিব
তোমালোকৰ হৃদয়ে হৃদয়ে

পোৱাৰ আনন্দত
মতলীয়া হোৱাৰ সময়তে
পাই হেৰুওৱাৰ বেদনাই যেতিয়া
তোমালোকক ক্ষত-বিক্ষত কৰিব৷

error: Content is protected !!