“যাদুকৰী কাশ্মীৰ আৰু এটি যাযাবৰী মনৰ অন্তৰ্লীন যাত্ৰা”ৰ প্ৰতিটো পৃষ্ঠাই যেন এক নতুন অনুভৱৰ দুৱাৰ খুলিছিল…

“যাদুকৰী কাশ্মীৰ আৰু এটি যাযাবৰী মনৰ অন্তৰ্লীন যাত্ৰা”ৰ প্ৰতিটো পৃষ্ঠাই যেন এক নতুন অনুভৱৰ দুৱাৰ খুলিছিল…
Spread the love

সীমান্ত কুমাৰ ডেকা

জীৱনৰ কিছুমান মুহূৰ্ত থাকে যেতিয়া পৰিবৰ্তনে মনটোক নীৰৱে আলোড়িত কৰি তোলে। আঠ বছৰ ধৰি এটা সুন্দৰ দলৰ সৈতে কাম কৰাৰ পাছত নতুন ঠাইত যোগদান কৰোঁতে মনটো বাৰুকৈ ৰিঙা ৰিঙা লাগিছিল — চিনাকি মানুহ, হাঁহি-ধেমালি, সেই সকলো স্মৃতি যেন অন্তৰত ধৰি ৰাখিবলৈ মন গৈছিল।

এনে এটা সময়তে বিদায়ৰ উপহাৰ হিচাপে পোৱা “যাদুকৰী কাশ্মীৰ আৰু এটি যাযাবৰী মনৰ অন্তৰ্লীন যাত্ৰা” হাতত ল’লোঁ। অলপ অলপকৈ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ যদিও কেতিয়া যে এই কিতাপখনে মোক সম্পূৰ্ণভাৱে নিজৰ মাজলৈ টানি নিলে বুজিবই নোৱাৰিলোঁ। অমৰনাথৰ পৱিত্ৰতা, ড্ৰাছৰ নীৰৱ অথচ মাৰাত্মক শক্তি, কাৰ্গিলৰ ইতিহাস— প্ৰতিটো পৃষ্ঠাই যেন এক নতুন অনুভৱৰ দুৱাৰ খুলিছিল।

অনুপমা বসুমতাৰীৰ লিখনশৈলী কেৱল বৰ্ণনা নহয়, ই এক কোমল সুৰৰ দৰে — মিঠা, কবিতাময় আৰু হৃদয়স্পৰ্শী। তেখেতৰ শব্দবোৰে মনৰ অশান্ত ঢৌবোৰ নীৰৱে শান্ত কৰিলে, যেন এক মৃদু আলিংগন।

মাত্ৰ তিনি দিনতে কিতাপখন পঢ়ি শেষ কৰিলোঁ, কিন্তু ইয়াৰ প্ৰভাৱ এতিয়াও মনত বিৰাজমান হৈ আছে — এটা শান্ত মন আৰু এক গভীৰ প্ৰশান্তি।

কেতিয়াবা সঠিক সময়ত সঠিক কিতাপেই আমাৰ জীৱনলৈ আহি মনটোক পুনৰ সজাই – পৰাই তোলে।

কৃতজ্ঞতা — স্মৃতিৰ বাবে, এই যাত্ৰাৰ বাবে আৰু সেই শব্দবোৰৰ বাবে যিবোৰে হৃদয়ক সমৃদ্ধ কৰি তোলে।

error: Content is protected !!