অনুপমা বসুমতাৰীৰ জীৱন আৰু সাহিত্য

অনুপমা বসুমতাৰীৰ জীৱন আৰু সাহিত্য
Spread the love

জীৱন আৰু সাহিত্য এই দুয়োটাকৈ বিচাৰ কৰা বৰ কঠিন কাম। এই দুয়োটা কার্য এইবাবেই কঠিন কিয়নো দুয়োটাতে থাকে ভিন্ন দৃষ্টি, দর্শন, চিন্তন আৰু মনন। এজনে এটি জীৱন বা সাহিত্যৰ একোটি ধাৰাৰ বিচাৰ যিদৰে কৰিব আন এজনৰ দৃষ্টিত সেই একেটি সাহিত্যৰ ধাৰাই ভিন্ন ৰূপত প্রকাশিত হয় আৰু হোৱাটোয়েই স্বাভাৱিক। ঠিক সেইদৰে এজন সমালোচকৰ দৃষ্টিত যোগাত্মক হৈ উঠা জীৱন আৰু সাহিত্য পাঠ আন এজন সামোলোচকৰ দৃষ্টিত বিয়োগাত্মক হৈ প্রকাশিত হ’বও পাৰে। মুঠতে জীৱন আৰু সাহিত্যৰ যিদৰে শেষ নাই, সমালোচনাৰো সেইদৰে শেষ নাই। তাতে যদি সেই জীৱন আৰু সাহিত্য গভীৰভাৱে প্ৰদীপ্ত, ৰস সম্ভূত, তীক্ষ্ণ আৰু ব্যঞ্জনাৰ দ্যোতনাত প্ৰৱাহিত হয়- সি সমালোচকৰ বাবে অধিক জটিল হৈ পৰে। অনুপমা বসুমতাৰীৰ জীৱন আৰু সাহিত্য এই শ্রেণীত অন্তর্ভুক্ত কৰিব পাৰি। তেওঁৰ কবিতাই আজি নাগালেণ্ড যুনিভার্টিটি আৰু পশ্চিমবংগৰ নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত ঠাই পোৱাটোয়েই ইয়াৰ সত্যতাক প্ৰমাণ কৰে। তথাপি এনে এটা দুব্ধহ কাম গভীৰ আন্তৰিকতা আৰু সদিচ্ছাৰে শেষ কৰিলোঁ “অনুপমা বসুমতাৰীৰ জীৱন আৰু সাহিত্য’ৰ ৰূপত। পাঠকেই লেখকৰ আশীৰ্বাদ। পাঠকে ভাঙিবও পাৰে, পাঠকে গঢ়িবও পাৰে। পাঠকসকলে কিতাপখন অনিচ্ছাকৃত ভুলবোৰ যোগাত্মক দৃষ্টিভংগীৰে সমালোচনা কৰি আঁকোৱালি ল’লে কৃতাৰ্থ হ’ম।

শ্ৰীৰাজীৱ দত্ত