প্ৰেমেৰে সুন্দৰ কৰিব পাৰি পৃথিৱী
পূব ইউৰোপৰ
ছখনকৈ দেশ ঘূৰি ফুৰিলোঁ
সেই একেই উৎকণ্ঠা বুকুত লৈ
প্ৰতিখন দেশৰ
ইতিহাস আৰু ভূগোল
সংস্কৃতি আৰু প্ৰকৃতিৰ বিষয়ে জনাৰ
মোৰ চিৰন্তন হাবিয়াসটোৱে
মোক খেদি ফুৰে অনবৰত
পৃথিৱীৰ অৰঙে-দৰঙে ঘূৰি ফুৰাৰ
যি আমেজ
পৃথিৱীৰ মানুহক ভালপোৱাৰ
যি আনন্দ আৰু বিস্ময়
সেই কথাই মোক
ভাবিলৈ শিকাইছে যে
প্ৰেমেৰে সুন্দৰ কৰিব পাৰি পৃথিৱী!
মই যেতিয়া উজাই গৈছিলোঁ
পশ্চিমৰ পৰা পূবৰ দেশবোৰলৈ
তুমি ভটিয়াই আহিছিলা
পশ্চিমৰ দেশলৈ
আমি কেতিয়ানো
কোনখন দেশত
ইজনে সিজনক
পাৰ হৈ গৈছিলোঁ
গমকে নাপালোঁ
তুমি পৰিভ্ৰমী
নিজা ঘৰলৈ কাচিৎহে হয়
তোমাৰ আগমন
তোমাৰ দেশৰ
চন্দ্ৰ-সূৰ্য, বায়ু-পানী
প্ৰকৃতি আৰু মানুহবোৰক চোৱাৰ
বৰ হেঁপাহ আছিল মোৰ
ছবিৰ দৰে হৈ আছিল
তোমাৰ চহৰৰ আকাশ
চৰৰ মাজেৰে বৈ থকা নদীখনে
মোক যেন চিনিহে পাইছিল
কিন্ কিন্ বৰষুণৰ তলে তলে
ৰঙীন হৈ উঠা
বিজুলী বাতিৰ তলেৰে
ধীৰে ধীৰে চলিছিল
ৰঙীন ট্ৰাম গাড়ীবোৰ
নদীৰ পাৰত
ষোড়শী গাভৰু এগৰাকীয়ে
মোক সাবটি ধৰি
মৰমৰ বাৰ্তা বিলাইছিল
চহৰখনত তুমি নাই
তাতে কি হ’ল?
পুৰণি চহৰৰ
সুসজ্জিত বাগীঘোঁৰাৰ
ঘোৰাচোৱাৰী গাভৰুবোৰে,
পথৰ দাঁতিৰ ভায়’লিন বাদকজনে,
বিশাল স্কোৱাৰত
পাৰ চৰাইৰ দৰে
ডেউকা মেলি ঘূৰি ফুৰা
দেশ-বিদেশৰ মানুহবোৰে
তোমাৰ বতৰাকে দিছিল
ইমান আপোন আপোন লগা
তোমাৰ শান্ত চহৰখন
যেন মোৰ বহুদিনৰ চিনাকি!
সেই টুইন টাৱাৰ গীৰ্জাঘৰ,
মাৰ্কেট স্কোৱাৰত ঘূৰি ফুৰা
পাৰ চৰাইবোৰ
শুকুলা ঘোঁৰাৰে ধুনীয়া বাগীঘোঁৰাবোৰ
ভিষ্টুলা নদীৰ দলংখন,
ৰাতিৰ মায়াময় হৈ উঠা
বিজুলীবাতিৰ পোহৰবোৰ
মুকলি ৰেষ্টুৰেণ্টত ৰৈ থকা
যুৱক-যুৱতীবোৰ,
আৰু ফুচফুচাই উঠা
বতাহৰ মাতবোৰ…
সন্ধিয়াৰ আকাশৰ
ষষ্ঠীৰ জোনটোৰ স্নিগ্ধতা হৈ
তুমি আছিলা মোৰ কাষে কাষে
মৃদু বতাহৰ নম্ৰতাৰে
সংগোপনে আহি স্পৰ্শ কৰিছিলা
বাৰে বাৰে
অচিনাকি পথিকবোৰৰ মাজত
এক দেৱদূতৰ অৱয়ৱ হৈ
বিচৰণ কৰিছিলা তুমি
তোমাৰ দেশখনক ধুই থকা
ভিষ্টুলা নদীৰ পাৰত
খোজ কাঢ়িবলৈ মই এটা
হেপাহ কঢ়িয়াই ফুৰিছিলোঁ
আৰু হেঁপাহৰ বাট এটাই
মোক টানি নিছিল
ভিষ্টুলাৰ পাৰলৈ
কাহিলি পুৱাতেই
নদীৰ পাৰৰ ঘাঁহনিত
সুদা ভৰিৰে খোজ কাঢ়িছিলোঁ
বহুদূৰ…
ভিজা ঘাঁহনিত খোজ কঢ়াৰ
সেই মাদকতা আৰু শিহৰণ
মইনো কেনেকৈ পাহৰিম?
শান্ত ভিষ্টুলাৰ ধীৰ গতিত
মই উটুৱাই দিছিলোঁ
কল্পনাৰ অজস্ৰ নাও
মই হৈ পৰিছিলোঁ নাৱৰীয়া
আৰু ৱাবেল কেছেল অভিমুখী
ধুনীয়া নাওখনত তুমি আছিলা
একমাত্ৰ যাত্ৰী
যেন এজন ৰাজকুমাৰ
হেৰা মোৰ বিদেশী বন্ধু
নালাগে তুমি মোক
সশৰীৰে দেখা দিব
প্ৰকৃতিৰ বুকুৱে বুকুৱে
বতাহ হৈ, ফুলৰ সুঘ্ৰাণ হৈ
জোনাক হৈ, ৰ’দ হৈ
সপোনৰ ৰাজকুমাৰ হৈ
তুমি আছা মোৰ কাষে কাষে
যদি তুমি পাৰা
হৈ থাকা এটি
দূৰ আকাশৰ তৰা
মই তোমাক চাই থাকিম
ধৰাৰ বুকুৰ পৰা
জীৱনটো থাকে মানে
