মই আকৌ আহিম
মৰুভূমিৰ বতাহৰ দৰে
ৰিণিকি ৰিণিকি ভাহি আহিছে
তোমাৰ মাতটো
বালিৰ স্তূপবোৰৰ দৰে
প্ৰাকৃতিক তোমাৰ মৰম
বতাহত উৰি যোৱা
তৰংগায়িত বালিৰ দৰে
তোমাৰ মাতষাৰৰ যাদু
কৃষ্ণপক্ষৰ ৰাতি
তোমাক ঘৰমুখে যাবলৈ
ৰাতিৰ আকাশৰ তৰাই যেনেকৈ
দিক নিৰ্ণয় কৰি দিয়ে
তোমাৰ আন্তৰিকতা
আৰু হৃদয়ৰ উষ্ণতাই
মোক আজি পুনৰ
এখন নতুন দিগন্তৰ দিশে
হাতত ধৰি নিছে
আজি তুমি
দূৰ আকাশত
তিৰবিৰাই থকা তৰা
আৰু মই
সীমাহীন মৰুৰ
অকলশৰীয়া যাত্ৰী
হেৰা মোৰ
যাযাবৰী বন্ধু
মৰু প্ৰান্তৰত
তোমাৰ স’তে যাত্ৰা কৰাৰ
যি আনন্দ লভিলোঁ
তাৰ কোনো তুলনা নাই
তুমি নিৰাশ নহ’বা
মই পুনৰ আহিম
মৰু প্ৰান্তৰলৈ
শীতৰ ঠেৰেঙা লগা জাৰত
তোমাৰ স’তে উটৰ পিঠিত বহিম
আৰু ধূসৰ জোনটোৰ পম খেদি
তোমাৰ পঁজাঘৰলৈ যাম
এবছৰ কাল
দীঘলীয়া হ’ব নেকি বন্ধু?
হৃদয়ৰ গভীৰলৈকে যেতিয়া
ভালপোৱাৰ স্পন্দন উঠে
বছৰ বা মাহৰ দীৰ্ঘ্যতাই
কোনো ব্যাঘাত জন্মাব নোৱাৰে
তুমি ঠিক সেইখিনিতে ৰ’বা
য’ত দোকমোকালিৰ পোহৰে
ভুমুকি মৰাৰ আগতেই
শীত নাশিবলৈ আমি
একুৰা জুইৰ কাষত বহিছিলোঁ
আমি পুনৰ
জুইকুৰাৰ কাষত বহিম
তোমাৰ আব্দাৰ ভৰা
কথাবোৰ শুনি শুনি
সূৰ্যোদয়ৰ ৰক্তিম আভাৰে
মুখবোৰ উজ্জ্বল হৈ নুঠালৈকে
বতাহত ঢৌ খেলা
বালিৰ স্তূপ পাৰ হৈ
আমি বহুদূৰলৈ যাম
মাজে মাজে দৌৰিম
মাজে মাজে খোজ কাঢ়িম
মাজে মাজে উটৰ পিঠিত বহিম
মাজে মাজে বালিৰ বুকুত বহি
তোমাৰ মুখত সাধু শুনিম
আকাশৰ তৰা লেখি লেখি
হৃদয়ৰ বতৰা ল’ম
অ’ মোৰ যাযাবৰী বন্ধু
লাহে লাহে তুমি
সাধুকথাৰ নায়কত পৰিণত হৈছা৷
