মই আকৌ আহিম

মই আকৌ আহিম
Spread the love

মৰুভূমিৰ বতাহৰ দৰে
ৰিণিকি ৰিণিকি ভাহি আহিছে
তোমাৰ মাতটো

বালিৰ স্তূপবোৰৰ দৰে
প্ৰাকৃতিক তোমাৰ মৰম

বতাহত উৰি যোৱা
তৰংগায়িত বালিৰ দৰে
তোমাৰ মাতষাৰৰ যাদু

কৃষ্ণপক্ষৰ ৰাতি
তোমাক ঘৰমুখে যাবলৈ
ৰাতিৰ আকাশৰ তৰাই যেনেকৈ
দিক নিৰ্ণয় কৰি দিয়ে

তোমাৰ আন্তৰিকতা
আৰু হৃদয়ৰ উষ্ণতাই
মোক আজি পুনৰ
এখন নতুন দিগন্তৰ দিশে
হাতত ধৰি নিছে

আজি তুমি
দূৰ আকাশত
তিৰবিৰাই থকা তৰা
আৰু মই
সীমাহীন মৰুৰ
অকলশৰীয়া যাত্ৰী

হেৰা মোৰ
যাযাবৰী বন্ধু
মৰু প্ৰান্তৰত
তোমাৰ স’তে যাত্ৰা কৰাৰ
যি আনন্দ লভিলোঁ
তাৰ কোনো তুলনা নাই

তুমি নিৰাশ নহ’বা
মই পুনৰ আহিম
মৰু প্ৰান্তৰলৈ
শীতৰ ঠেৰেঙা লগা জাৰত
তোমাৰ স’তে উটৰ পিঠিত বহিম
আৰু ধূসৰ জোনটোৰ পম খেদি
তোমাৰ পঁজাঘৰলৈ যাম

এবছৰ কাল
দীঘলীয়া হ’ব নেকি বন্ধু?
হৃদয়ৰ গভীৰলৈকে যেতিয়া
ভালপোৱাৰ স্পন্দন উঠে
বছৰ বা মাহৰ দীৰ্ঘ্যতাই
কোনো ব্যাঘাত জন্মাব নোৱাৰে

তুমি ঠিক সেইখিনিতে ৰ’বা
য’ত দোকমোকালিৰ পোহৰে
ভুমুকি মৰাৰ আগতেই
শীত নাশিবলৈ আমি
একুৰা জুইৰ কাষত বহিছিলোঁ
আমি পুনৰ
জুইকুৰাৰ কাষত বহিম
তোমাৰ আব্দাৰ ভৰা
কথাবোৰ শুনি শুনি
সূৰ্যোদয়ৰ ৰক্তিম আভাৰে
মুখবোৰ উজ্জ্বল হৈ নুঠালৈকে

বতাহত ঢৌ খেলা
বালিৰ স্তূপ পাৰ হৈ
আমি বহুদূৰলৈ যাম

মাজে মাজে দৌৰিম
মাজে মাজে খোজ কাঢ়িম
মাজে মাজে উটৰ পিঠিত বহিম
মাজে মাজে বালিৰ বুকুত বহি
তোমাৰ মুখত সাধু শুনিম

আকাশৰ তৰা লেখি লেখি
হৃদয়ৰ বতৰা ল’ম

অ’ মোৰ যাযাবৰী বন্ধু
লাহে লাহে তুমি
সাধুকথাৰ নায়কত পৰিণত হৈছা৷

error: Content is protected !!