মই এজোপা ফাৰ গছৰ দৰে

মই এজোপা ফাৰ গছৰ দৰে
Spread the love

মই এজোপা ফাৰ গছৰ দৰে
থিয় হৈ থাকোঁ সকলো ঋতুৰ
সকলো বাতাবৰণৰ স’তে যুঁজ দি

তুমি কৈছিলা ফাৰ গছ মানেই
এটা ৰহস্যময় জোকাৰণি
অথচ ফাৰগছৰ থাকে
এক সাংঘাতিক গুণ
এক ধৰণৰ ভাবিব নোৱৰা আকৰ্ষণ

ফাৰ গছে সহিব পাৰে
হেজাৰ বাধা বিঘিনি
আৰু ইয়াৰ আছে অভাৱনীয় সহনশীলতা
উদ্বিগ্নতাক ই সাবটি ধৰি
শোৱাই ৰাখে বুকুৰ মাজত

ফাৰ গছে ভাল পায়
পৃথিৱীৰ সকলো ধৰণৰ সৌন্দৰ্যক
বৰ্ষাৰ বৰষুণ, হেমন্তৰ তীব্ৰ ৰং
শীতৰ শুভ্ৰ বৰফ
আৰু বসন্তৰ ফুলি উঠা ফুল

ফাৰ গছ মোৰ জন্মদিনৰ প্ৰতীক
মই ভালপাওঁ মোৰ বন্ধু আৰু আত্মীয়ক
চিনাকি অচিনাকি হাজাৰজনক
প্ৰতাৰিত আৰু অৱহেলিতজনক

ফাৰ গছৰ প্ৰতীকিৰে
জন্মগ্ৰহণ কৰাসকল হেনো
সাধাৰণতে হয় প্ৰতিভাশালী
নিঃস্বাৰ্থ আৰু নিৰহংকাৰী
আস্থাশীল আৰু বন্ধুত্বপৰায়ণ

আল্পচৰ এঁকা-বেঁকা পাহাৰীয়া বাটেৰে
তোমাৰ স’তে ভ্ৰমণ কৰোঁতে
পাৰ হৈ গৈছিলো
হাজাৰ আকাশচুম্বী ফাৰ গছবোৰ

বতাহত উৰি উৰি আহিছিল
সপোন সপোন কোমল বৰফ
আৰু ফাৰ গছবোৰক সাবটি ধৰিছিল

হেৰা মোৰ বন্ধু মৰমৰ
জীৱনৰ ওখ মালভূমিত
তোমাৰ বাবে মই ৰৈ আছোঁ
তুমি আহি মোক সাবটি ধৰাহি
হৃদয়ৰ কোমলতাৰে…