এষাৰ মাত্ৰ মৰমৰ মাত শুনাহেঁতেন

এষাৰ মাত্ৰ মৰমৰ মাত শুনাহেঁতেন
Spread the love

দূৰৈৰ পাহাৰৰ পৰা
ভাহি আহিছে বাঁহীৰ সুৰ

পদূলিত ফুলি থকা
ৰঙা খৃচেনথিমামবোৰ
দুপৰ নিশাৰ বতাহত
কঁপি উঠিছে

বৰষুণৰ পাছত
গোমা আজি ৰাতিৰ আকাশ
নিটাল মাৰিছে পৃথিৱী
ৰাতিৰ শিলাবৃষ্টিয়ে
ফুলৰ পাহিবোৰ
ছিঙি থৈ গ’ল
ৰঙা হৈ উঠিল
পূবৰ বাটচৰা

মোৰ বুকুত আজি
কোনে ঢালিলে শিল-বৰষুণ?
হাঁহিৰ ফুলবোৰ দেখোন
লেৰেলি পৰিল

শিল-বৰষুণে যেন
বুকুত প্ৰচণ্ড জোৰেৰে
কোব এটা মাৰিহে
গুচি গ’ল

তোমাৰ এষাৰ মাত্ৰ
মৰমৰ মাত শুনাহেঁতেন
মোৰ ফুলনিত ফুলিলহেঁতেন
শুভ্ৰ খৰিকাজাঁই৷৷