তুমি কুশলে থাকা

তুমি কুশলে থাকা
Spread the love

কিছুদিন ধৰি
দেশৰ সীমান্ত অঞ্চলত
অহৰ্নিশে চলিছে সংঘৰ্ষ

সংঘৰ্ষপীড়িত অঞ্চলৰ পৰা
আজি তোমাৰ মাতটো শুনিছিলো
চেপা উত্তেজনাৰে ভৰা
দুৰ্গম বাটটোৰে
যাত্ৰা কৰিছিলা তুমি

অথচ তোমাৰ মাতটো আছিল
অত্যন্ত উছাহেৰে ভৰা
যেন তুমি কোনো
ফুলৰ উপত্যকাতহে
বিচৰণ কৰি আছা

উপত্যকা ভৰি ফুলি থকা
ফুলবোৰৰ দৰেই
তোমাৰ হূদয়ৰ উলাহ
আৰু সুৰভিৰ দৰে
তোমাৰ কথাবোৰৰ আন্তৰিকতা

তুমি কুশলে থাকা
মই দূৰৈৰ পৰা ছটিয়াইছোঁ
শুভকামনাৰ ফুল
লগতে পঠিয়াইছোঁ
এছাটি ভিজা বতাহ

হৃদয়ৰ উষ্ণতা, ফুলৰ সৌৰভ
মনৰ হেঁপাহ, সকলো কঢ়িয়াই
যিয়ে এইমাত্ৰ
তোমাৰ কাষলৈ উৰি যাব
উত্তৰ পূব ভাৰতৰ
ভিজা বতাহছাটিক
জিৰণি ল’বলৈ দিবা
তোমাৰ বুকুৰ মাজত

ভিজা ভাববোৰ
বুকুৰ উমেৰে শুকুৱাই
বৰফগলা নদীখনৰ পাৰতে
অলপ পৰ জিৰাবা

তেতিয়ালৈকে নিশ্চয়
সংঘৰ্ষপীড়িত গোটেই উপত্যকা
শান্ত হৈ পৰিব৷

Leave a Reply