কবিতা

কবিতা
Spread the love

শামুক- ১

তাহানি ধান গছৰ ফাকে ফাকে উবুৰি খাই থকা শামুকবোৰ
বুটলিছিলোঁ খালৈৰ ডিঙি নোপোৱালৈকে
আৰু সিজোৱাৰ আগেয়ে ঢাকনিবোৰ এৰুৱাই ৰং পাইছিলোঁ
কোচ খুৱাই সুমুৱাই নিয়া জিভাখন চাই
শোহা মাৰি উলিয়াই আনিছিলোঁ শাহ্, খোৱাৰ মজিয়াত
খোলাবোৰৰ মৰ্ মৰ্ শব্দত আছিল এটা অদ্ভূত ছন্দ
য’ত লুকাই আছিল মৃত শামুকবোৰৰ শোক!

সেই ছন্দৰ উৎস বিচাৰি এতিয়া মই চুচৰি ফুৰিছোঁ
সাগৰৰ পাৰে পাৰে, বগাই ফুৰিছোঁ জলত স্থলত
হু হুৱাই অহা ঢৌৰ কবলত পৰি বাৰে বাৰে উটিছোঁ ভাহিছোঁ
আশ্চৰ্যজনকভাৱে মোৰ শৰীৰটো বুটলি লৈছে এখন অদৃশ্য হাতে
শোহা মাৰি শূন্য কৰিছে মোৰ ভিতৰখন।

হৃদয় ভঙাৰ যন্ত্ৰণাত মৰমৰাই উঠিছে মোৰ শৰীৰৰ খোলা
আৰু সৃষ্টি হৈছে এটা নতুন শোক গাঁথাৰ ছন্দ।

Leave a Reply

Your email address will not be published. Required fields are marked *