কবিতা বিচাৰি ফুৰোঁতে

কবিতা বিচাৰি ফুৰোঁতে
কবিতা বিচাৰি ফুৰোঁতে(২০১৭)
Spread the love

কবিতা বিচাৰি ফুৰোঁতে
কেতিয়া যে জীৱনটোৱেই কবিতা হ’ল
মই নাজানিলোঁ

হৃদয়ৰ জখমবোৰ সজাই তুলিবলৈ
শব্দ বিচাৰি ফুৰোঁতে
কেতিয়ানো জখমবোৰেই হ’ল হৃদয়ৰ নামান্তৰ
মই নাজানিলোঁ

কবিতাৰে সপোন এটা বিচাৰি
বৰষুণৰ মাজে মাজে
মেঘ আৰু কুঁৱলিৰ আঁৰে আঁৰে
পাহাৰ শিখৰৰ অতিথিশালাত
শিলাময় উপত্যকাৰ জোনাকত
নিৰ্জন পাহাৰৰ একাকীত্বত ঘূৰি ফুৰোঁতে
কেতিয়ানো জীৱনটোৱেই হৈ পৰিল
এটা ধুঁৱলি কুঁৱলি সপোন
মই নাজানিলোঁ

জীৱনটোক পুনৰ যাপন কৰিম বুলি
তোমাক বিচাৰি ফুৰোঁতে
কেতিয়ানো তোমাকো হেৰুৱালোঁ
মই নাজানিলোঁ

মইনো কাৰ পৰা কি বিচাৰিছিলোঁ
থকাখিনিও আনক বিলাই দিওঁতে
কেতিয়ানো নিজেই হ’লো সৰ্বস্বান্ত
মই নাজানিলোঁ

হৃদয়ত এতিয়া কেৱল শূন্যতা
কেতিয়ানো হৃদয়খনো তোমাক দি পেলালোঁ
মই নাজানিলোঁ

এপদ এপদকৈ সকলো হেৰুৱাই
কেতিয়া যে মই এনেকৈ নিঃস্ব হ’লোঁ
মই নাজানিলোঁ

Leave a Reply

Your email address will not be published. Required fields are marked *